ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্রূষা সেঁতু শীর্ষক বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰত এই পর্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। যোৱা ১০ অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ ৩৯টা সমষ্টিভিত্তিক স্বাস্থ্য মেলাত ১০ হাজাৰৰো অধিক ১৮ বছৰৰ তলৰ ল‘ৰা-ছোৱালীক প্রাথমিক পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা হৈছে। এই স্বাস্থ্য শিবিৰ সমূহত ৫০ টাতকৈ অধিক ৰোগৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই স্বাস্থ্য মেলাৰ অংশ হিচাপে বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়াত আজি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।
কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে। শিবিৰসমূহত ১৮ বছৰৰ তলৰ ল‘ৰা-ছোৱালীৰ প্ৰাথমিক পর্যায়ত ৰোগ নির্ণয় আৰু বিনামূলীয়া চিকিৎসা তথা পৰামৰ্শ প্রদান কৰা হ‘ব। নিউ গুৱাহাটী সমষ্টিৰ বাবে আজি চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানত শিবিৰ মুকলি কৰা হয়। শিবিৰত দুহেজাৰ ৩৩৬ গৰাকী শিশু আৰু কিশোৰ কিশোৰীয়ে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চিকিৎসা লাভ কৰে। ইয়াৰে ১৫৪ গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। একেদৰে গুৱাহাটী ছেপ্টেল বিধানসভা সমষ্টিৰ বাবে পৰহিলৈ আর্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত আৰু ডিমৰীয়া সমষ্টিৰ বাবে ২৪ অক্টোবৰত ডিমৰীয়াত এই শিবিৰ অনুষ্ঠিত হ‘ব। দিছপুৰ সমষ্টিৰ বাবে ৩১ অক্টোবৰত দক্ষিণ বেলতলা উচ্চ মাধ্যমিক বিদ্যালয়ত শিবিৰ মুকলি কৰা হ‘ব।
ডিমা হাচাও জিলাৰ এন এল দাউলাগুপু ক্রীড়া প্রকল্পত কাইলৈ এনে ধৰণৰ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ‘ব। বিশ্বনাথ জিলাতো সমষ্টি ভিত্তিত আজি মেগা স্বাস্থ্যশিবিৰ অনুষ্ঠিত হয়। বিশ্বনাথ বাণিজ্য মহাবিদ্যালয় প্রাংগণত এই মেগা স্বাস্থ্য শিবিৰৰ আৰম্ভণি কৰা হয়।
নগাঁও চহৰৰ কলঙৰ বাকৰিৰ নেহৰুবালিত আজি এই স্বাস্থ্যশিবিৰ অনুষ্ঠিত হয়। শিবিৰত ভালেসংখ্যক কিশোৰ-কিশোৰী আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। সুস্থ অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই কাৰ্যসূচীত ৰাইজৰ অভূতপূর্ব সঁহাৰি পৰিলক্ষিত হৈছে।