October 23, 2025 11:31 AM | High Court

printer

নুনমাটি- আমবাৰী উৰণ সেতুৰ নক্সা সলনি আৰু সম্প্ৰসাৰণ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্য চৰকাৰক উত্তৰ দিয়াৰ জাননী জাৰি

নুনমাটিৰ পৰা আমবাৰীলৈ জি এন বি ৰোডত নিৰ্মাণ কৰি থকা উৰণ সেতুখন পূৰ্বৰ নক্সা সলনি কৰি দীঘলী পুখুৰী পর্যন্ত সম্প্ৰসাৰণ কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। এই উৰণ সেতু নিৰ্মাণৰ বাবে শতিকা পুৰণি গছ কটাৰ বিৰোধিতা কৰি প্ৰকৃতিপ্রেমী আৰু সাংবাদিকে দাখিল কৰা ৰাজহুৱা আবেদনৰ ভিত্তিত ন্যায়ালয়ে কালি ৰাজ্য চৰকাৰলৈ এই জাননী জাৰি কৰে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্রহণ কৰি অহা ২৮ নৱেম্বৰ পৰৱৰ্তী শুনানির দিন ধার্য কৰে। ২৮ নৱেম্বৰৰ ভিতৰত চৰকাৰে আদালতক এই বিষয়ে সবিশেষ অবগত কৰিব লাগিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।