অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দক্ষিণ শালমাৰা মানকাছৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই হাটশিঙিমাৰী মহাবিদ্যালয়ত আজিৰে পৰা জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন কার্যসূচী অনুষ্ঠিত কৰিছে। তিনিদিনীয়াকৈ আয়োজিত এই কাৰ্যসূচী জিলাখনৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসে মুকলি কৰে। অনুশীলন কাৰ্যসূচীত যিকোনো দুৰ্যোগৰ পূৰ্বে বা দুৰ্যোগৰ পাছত বিভিন্ন বিভাগৰ প্ৰয়োজনীয় ব্যৱস্থা তথা কৰিবলগীয়া কাম-কাজ সন্দৰ্ভত প্রশিক্ষণ প্ৰদান কৰা হ’ব।
Site Admin | January 5, 2026 1:13 PM | hatsingimari
হাটশিঙিমাৰী মহাবিদ্যালয়ত আজিৰে পৰা জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন কার্যসূচী