ডাউনলোড
মোবাইল এপ

android apple
signal

সমগ্ৰ দেশতে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত আৱকাৰী শুল্ক ২ টকাকৈ বৃদ্ধি

সমগ্ৰ দেশতে কালি মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত আৱকাৰী শুল্ক ২ টকাকৈ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ ফলত দুয়োবিধ ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি নহব বুলি তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কালি নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে আৱকাৰী শুল্কৰ এই বৃদ্ধিয়ে গ্ৰাহকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে বিশেষ প্ৰভাৱ নেপেলায়।
ইপিনে, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যও ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। শ্ৰী পুৰীয়ে কয়, যে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ আজিৰেপৰা ৫৫০ টকাত আৰু অন্য সকলে ৮৫৩ টকাত লাভ কৰিব। অৱশ্যে ইয়াৰ সৈতে ৰাজ্যিক কৰৰ নিৰিখ ধৰা হোৱা নাই।

অধিক পঢ়ক

সকলো চাওক