August 14, 2025 6:47 PM | har ghar tringa

printer

হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

স্বাধীনতা দিৱস উপলক্ষে যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে।
শোণিতপুৰ জিলাত বিজেপিৰ তেজপুৰ নগৰ মণ্ডল আৰু হলেশ্বৰ মণ্ডলৰৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়। একেদৰে ন-দুৱাৰ সমষ্টিৰ চাৰিদুৱাৰ বন বিভাগৰ কাৰ্যালয়ৰ সমীপৰ পৰা কেইবাগৰাকীয়ে শিক্ষার্থীয়ে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে।

ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ অংশস্বৰূপে আজি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ত্ৰিৰংগ সমলয় অনুষ্ঠিত হয়। কেন্দ্রীয় ঔদ্যোগিক বাহিনী, বায়ুসেনা, সৈনিক স্কুলৰ শিক্ষাৰ্থীসকলে এই অনুষ্ঠানত গীত আৰু নৃত্য পৰিৱেশন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।