October 6, 2025 12:25 PM | hagrama mahilari btc

printer

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ শপতগ্ৰহণ

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কালি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰে। ৰাজ্যৰ মুখ্যসচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বিটিচিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। শ্রীমহিলাৰীয়ে ইংৰাজী ভাষাত শপতগ্ৰহণ কৰে । কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত কালি ৰিহন দৈমাৰীকে ধৰি ১০ গৰাকী পাৰিষদে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীমহিলাৰীয়ে শপতগ্ৰহণৰ পাছত অনুষ্ঠানত ভাষণ দি বড়োলেণ্ডৰ সৰ্বাংগীণ বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁ সদায় কাম কৰি যাব বুলি উল্লেখ কৰে।

অনুষ্ঠানত অংশলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ মুৰব্বীগৰাকীক পুনৰ বিটিচিৰ ক্ষমতা দখলৰ বাবে অভিনন্দন জনায়। ড০ শৰ্মাই গুৰুদেৱ কালিচৰণ ব্ৰহ্ম আৰু বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি বড়ো জনজাতিৰ সামাজিক, অর্থনৈতি উত্থানত তেওঁলোকৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ গণতান্ত্রিক প্ৰক্ৰিয়াৰে বিটিচিৰ নতুন পাৰিষদ গঠন তথা হাগ্ৰামা মহিলাৰীৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপতগ্রহণক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে বড়োভূমিৰ বিকাশ আৰু উন্নয়নৰ যাত্ৰাত নতুন বিটিচি চৰকাৰক সকলো ধৰণৰ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে।