বিপিএফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কাইলৈ কোকৰাঝাৰৰ বিটিচি সচিবালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত বিটিআৰৰ নতুন মুখ্য কার্যবাহী সদস্যৰূপে শপতগ্রহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তোলা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই শপতগ্রহণ অনুষ্ঠানত অংশ লোৱাৰ কথা। মুখ্য সচিব ড° ৰবি কোটাই বিটিচিৰ কাৰ্যবাহী পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব। দিনৰ ১১ বজাৰ পৰা এই শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে, বি টি চিৰ সর্বাংগীন বিকাশৰ স্বাৰ্থত এন ডি এৰ অংশীদাৰী দল হ’ব বুলি শ্রীমহিলাৰীয়ে প্রকাশ কৰিছে। কিন্তু ইয়াৰ বাবে ইউ পি পি এলৰ সৈতে এন ডি এৰ সম্পৰ্ক ৰহিত হোৱাৰ চৰ্ত আৰোপ কৰিছে। এই চর্তই ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপটত তাৎপর্যপূর্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা দেখা দিছে। শ্রীমহিলাৰীয়ে শপতগ্রহণ অনুষ্ঠানৰ প্রথম পর্যায়ত ১০ গৰাকী পাৰিষদে বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ কৰিব। তেওঁ পৰিষদ গঠনৰ পাছত ভূমিহীন বৈধ নাগৰিকক ভূমিপত্তা প্রদানত গুৰুত্ব আৰোপ কৰিব বুলিও উল্লেখ কৰে।