কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই আজি সমগ্ৰ দেশতে পোষ্ট অফিচৰ জৰিয়তে কিতাপ আৰু অধ্যয়নৰ সামগ্ৰী পঠিওৱাৰ সুবিধাৰে জ্ঞান পোষ্ট শীৰ্ষক এবিধ সেৱা মুকলি কৰে। নতুন দিল্লীত আজি এখন সংবাদ মেলত শ্রীসিন্দিয়াই কয়, যে শিক্ষণ সামগ্ৰীসমূহ ভৌগলিক অৱস্থান অথবা সুলভতাৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়। তেওঁ কয় যে জ্ঞান পোষ্টৰ জৰিয়তে প্ৰেৰণ কৰা কিতাপ আৰু ছপা কৰা বিদ্যায়তনিক সামগ্ৰীসমূহ ট্রেক কৰিব পৰা যাব। অহা ১ মে’ৰ পৰা এই সেৱা কাৰ্যকৰী কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শিক্ষণ সম্পদসমূহ অধিক সহজলভ্য আৰু সুলভ কৰিবৰ বাবে ইণ্ডিয়া পোষ্টে ব্যক্তি বিশেষ আৰু সমুদায়ৰ সৱলিকৰণৰ ধাৰা অব্যাহত ৰাখি এই প্ৰচেষ্টা গ্রহণ কৰিছে।
Assamese | April 28, 2025 9:17 PM | Gyan Post service to deliver books & study material across the country
দেশত পোষ্ট অফিচৰ জৰিয়তে কিতাপ আৰু অধ্যয়নৰ সামগ্ৰী পঠিওৱাৰ সুবিধাৰে ‘জ্ঞান পোষ্ট’ শীৰ্ষক সেৱা মুকলি