ডাউনলোড
মোবাইল এপ

android apple
signal

আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

গুৱাহাটী ক্রীড়া সন্থা আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাসমূহত অনুষ্ঠিত হব। আজি গুৱাহাটীৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ খেলপথাৰত এই প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্বোধনী খেলখনত এফ চি গ্রীণ ভেলী অসম পুলিচৰ বিৰুদ্ধে অৱতীৰ্ণ হব। উল্লেখযোগ্য যে চলিত বৰ্ষৰপৰা এই ফুটবল প্রতিযোগিতাখন নতুন আর্হিত আৰম্ভ কৰা হৈছে। প্ৰথমে সর্বমুঠ ৩৫ খন জিলাক সামৰি জিলা পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ পাছত ছটা ক্লাষ্টাৰত পৰৱৰ্তী খেলসমূহ অনুষ্ঠিত হব। নগাঁও জিলা লেগৰ খেলসমূহ জুৰীয়া বজাৰৰ ওচৰৰ খেলপথাৰত অনুষ্ঠিত হব। উদ্বোধনী খেলত অম্লান গোষ্ঠী আৰু নগাঁও টাউন ক্লাব অৱতীৰ্ণ হব। একেদৰে বজালীৰ চৌখুটি, বান্দৰদেৱাৰ হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু হাইলাকান্দিৰ নেতাজী সুভাষ চন্দ্র বসু ষ্টেডিয়ামত জিলাভিত্তিক উদ্বোধনী খেলসমূহ অনুষ্ঠিত হব।

অধিক পঢ়ক

সকলো চাওক