ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 23, 2025 11:47 AM | Guwahati Press Club

printer

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হয়। কালি পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত এই ভোট গণনাৰ সন্ধিয়া সামৰণি পৰে। এই অনুসৰি জ্যেষ্ঠ সাংবাদিক খগেন কলিতা সভাপতি, অমৰেন্দ্ৰ ডেকা সাধাৰণ সম্পাদক পদত নির্বাচিত হয়। সহকাৰী সাধাৰণ সম্পাদক পদত শ্বাহ আলম, মহিলাৰ বাবে সংৰক্ষিত সহকাৰী সাধাৰণ সম্পাদক পদত পদ্মিনী হাজৰিকা, কোষাধ্যক্ষ পদত হিৰকজ্যোতি টাইড, সাংগঠনিক সম্পাদক পদত দীপাংকৰ কলিতা, সাংস্কৃতিক সম্পাদক পদত সমীৰণ বৰঠাকুৰ আৰু ক্রীড়া সম্পাদক পদত দীপাংকৰ দাস বিজয়ী হৈছে। ইতিপূর্বে উপ-সভাপতিৰ দুটা পদত প্ৰদীপ বৰ্মন আৰু ৰঞ্জিতা ৰাভা বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। উল্লেখযোগ্য যে প্ৰেছ ক্লাবৰ এঘাৰশ ৩৪ গৰাকী ভোটদাতাৰ ভিতৰত ৯৩৪ গৰাকীয়ে ভোটৰ অধিকাৰ সাব্যস্ত কৰিছিল।