স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২০ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। আনহাতে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত বতৰ শুকান হৈ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই লগতে প্ৰকাশ কৰিছে।
Site Admin | April 7, 2025 11:11 AM | Guwahati Weather
গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা
