ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য হিচাপে নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য নিযুক্তি দিয়া হৈছে। ড০ ননীগোপাল মহন্তক গুৱাহাটী বিশ্ববিদ্যালয়ৰ, ধনপতি ডেকাক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আৰু মানবেন্দ্ৰ দত্ত চৌধুৰীক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য হিচাপে নিযুক্তি দিয়া হৈছে। ২০ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্যজনৰ কাৰ্যকাল অন্ত পৰাৰ পাছতে ড০ ননীগোপাল মহন্তই কাৰ্যভাৰ গ্ৰহণ কৰিব। ড০ মহন্তই ২০২১ চনৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইপিনে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি পোৱা ধনপতি ডেকা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰধান অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি পোৱা মানবেন্দ্ৰ দত্ত চৌধুৰী অসম বিশ্ববিদ্যালয় গুৰু অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।