January 23, 2026 7:22 PM | Guwahati University

printer

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মীন পালন আৰু জৈৱ-বৈচিত্র্য কেন্দ্রত বিশেষ মীন গৱেষণা কেন্দ্র মুকলি

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মীন পালন আৰু জৈৱ-বৈচিত্র্য কেন্দ্রত বিশেষ মীন গবেষণা কেন্দ্র মুকলি কৰে। তদুপৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কৃষক প্রশিক্ষণ আবাস গৃহৰো আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য ননীগোপাল মহন্ত উপস্থিত থাকে। ইয়াৰ ফলত ৰাজ্যৰ মীন পালন খণ্ডত দক্ষতা বিকাশ, গৱেষণা আৰু সামর্থ্য নির্মাণ ত্বৰান্বিত হ’ব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ মাজত বিশেষ মীন সম্পৰ্কীয় গৱেষণা তথা সংৰক্ষণ সংবর্ধন কৰাৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়।