December 29, 2025 7:50 PM | Guwahati University

printer

গুৱাহাটী মহাবিদ্যালয়ত চলি থকা তিনিদিনীয়া গ্রন্থমেলা প্রাংগণত আজি মুকলি কুইজ প্রতিযোগিতা অনুষ্ঠিত

অসম চৰকাৰৰ গ্ৰন্থবৰ্ষৰ সৈতে সংগতি ৰাখি গুৱাহাটী মহাবিদ্যালয়ত চলি থকা তিনিদিনীয়া গ্রন্থমেলা প্রাংগণত আজি এখন মুকলি কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকলৰ মাজত অনুষ্ঠিত কুইজ প্রতিযোগিতাখনিৰ মূল বিষয় আছিল সদ্যপ্রয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ জীৱনজোৰা শিল্পযাত্রা। মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° অনুজয় কুমাৰ শইকীয়াই আঁত ধৰা প্রতিযোগিতাখন পৰিচালনা কৰে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ডৎকৌশিক হাজৰিকাই আৰু তেওঁক সহযোগ কৰে ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ড° ধনমণি কলিতাই। তিনিটা ৰাউণ্ডত অনুষ্ঠিত প্রতিযোগিতাখনিত শুদ্ধ উত্তৰ প্ৰদান কৰা সকলোকে থলীতে পুৰস্কাৰসমূহ প্ৰদান কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।