ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্রযুক্তি বিভাগৰ উদ্যোগত আজিৰে পৰা ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন

উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় ভাষাসমূহক ডিজিটেল মাধ্যমত উপলব্ধ কৰাৰ ক্ষেত্ৰত অগ্ৰণী পদক্ষেপ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্রযুক্তি বিভাগৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ PART OF SPEECH TAGGING FOR NORTH-EAST INDIAN LANGUAGES এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কর্মশালা উদ্বোধন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা ক্ষুদ্ৰ ভাষিক গোটসমূহৰ ভাষাৰ সুৰক্ষা তথা প্ৰসাৰৰ ক্ষেত্ৰত ডিজিটেল প্ৰয়োগৰ গুৰুত্ব আলোকপাত কৰে। ভাষা কেৱল যোগাযোগৰ মাধ্যমেই নহয় বৰং ই হৈছে ভাষিক গোট একোটাৰ সাংস্কৃতিক ঐতিহ্যৰ অন্যতম বাহক বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে ভাষা ভিত্তিক গৱেষণাৰ ক্ষেত্ৰত এই কর্মশালাই ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° ননীগোপাল মহন্তই এনেধৰণৰ কৰ্মশালাৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চহকী ভাষাসমূহৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে প্ৰযুক্তিৰ সদব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অসমীয়া, বড়ো, মিছিং ভাষাকে ধৰি অন্যান্য আঞ্চলিক ভাষাসমূহক ডিজিটেল মাধ্যমত একত্ৰিত কৰাৰ অর্থে আয়োজন কৰা এই কর্মশালাত আই আই টি হায়দৰাবাদৰ অধ্যাপিকা দিপ্তী মিশ্ৰ শৰ্মাৰ উপৰি দেশৰ বিভিন্ন অংশৰ অধ্যাপক, অধ্যাপিকা তথা শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।