দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী ছেভেন এছ চেম্পিয়নশ্বিপৰ সামৰণী অনুষ্ঠান; ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অংশগ্ৰহণ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত দ্বাদশ ছিনিয়ৰ নেচনেল ৰাগবী ছেভেন এছ চেম্পিয়নশ্বিপৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই প্ৰতিযোগিতাক কেৱল এটা ক্রীড়া কাৰ্যসূচী নহয়, বৰং যুৱ শক্তি, অনুশাসন, নিষ্ঠা আৰু দলীয় কৰ্মৰ সাৰ্থক নিদর্শন বুলি অভিহিত কৰে। ৰাজ্যপালগৰাকীয়ে ক্ৰীড়াৰ সৰ্বাত্মক প্ৰভাৱ আৰু মূল্য সম্পৰ্কে নিজৰ ভাষণত উল্লেখ কৰে। ৰাগবীৰ দৰে খেলসমূহে খেলুৱৈৰ মনত কৌশলগত চিন্তা-চৰ্চা, দলগত সমন্বয় আৰু অধ্যাৱসায়ৰ মনোভাৱ গঢ়ি তোলাৰ লগতে দক্ষতাৰো বিকাশ কৰে বুলি তেওঁ উল্লেখ কৰে। এই প্ৰসংগতে ৰাজ্যপালগৰাকীয়ে অসম চৰকাৰে ৰাজ্যখনত ক্ৰীড়াৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা খেল মহাৰণকে ধৰি কাৰ্যসূচীসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ খেলুৱৈসকলক জয়-পৰাজয় দুয়োটাকে ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কালি পশ্চিমবংগ আৰু হাৰিয়ানাৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলত পশ্চিমবংগই জয়লাভ কৰে। কালিৰ সামৰণী অনুষ্ঠানত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, আৰক্ষী আয়ুক্ত ড° পার্থসাৰথি মহন্তৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।