ডাউনলোড
মোবাইল এপ

android apple
signal

October 22, 2024 8:20 PM | Guwahati Press Club

printer

প্ৰেছ ক্লাবত আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠিত

দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ উপলক্ষে গুৱাহাটী মহানগৰ উপ-সমিতিৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠিত হয়। নিবন্ধকাৰ ড° প্ৰদ্যুম্ন গোস্বামীয়ে একবিংশ শতিকাত সপোনৰ অসম, সংশয়, প্ৰত্যাহ্বান আৰু সম্ভাৱনা বিষয়ত বক্তৃতা প্ৰদান কৰে। নিজৰ ভাষণত ড° গোস্বামীয়ে সপোনৰ অসমখন গঢ়ি তোলাৰ ক্ষেত্ৰত অৰ্থনৈতিক স্বাৱলম্বিতা প্ৰথম প্ৰয়োজন বুলি মন্তব্য কৰে। এই অনুষ্ঠানতে মুকুল কন্দলী সম্পাদিত আভিধানিক হেমচন্দ্ৰ বৰুৱা, জীৱন আৰু সাহিত্য নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়।