ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 31, 2025 8:19 PM | Guwahati Police

printer

ছাইবাৰ অপৰাধৰ গোচৰত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষী অপৰাধ শাখাৰ

গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ ছাইবাৰ গোটে আজি ছাইবাৰ অপৰাধৰ গোচৰত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। দিল্লীৰ ছাইবাৰ চেলৰ তথ্যৰ আধাৰত সহকাৰী আৰক্ষী আয়ুক্ত দীপক দাসৰ নেতৃত্বত অভিযান চলাই জোন ৰহমান, জ্যোতি দাস, আমীৰ আলী আৰু ৰোহিত বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দিল্লীৰ ছাইবাৰ অপৰাধী চক্ৰক ধনৰ লেনদেনৰ বাবে এই চাৰিজন অভিযুক্তই তথ্যৰ যোগান ধৰিছিল। ইপিনে দিছপুৰ আৰক্ষীৰ সহযোগত আজি কৰ্ণাটক আৰক্ষীয়ে গুৱাহাটীত অভিযান চলাই চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাহুল ৰয় নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।