গুৱাহাটীৰ লতাশিল-পাণবজাৰৰ বিভিন্ন পথেৰে অসম আৰক্ষীৰ প্ৰাক্‌-গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজ

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীয়ে গুৱাহাটীৰ লতাশিল আৰু পাণবজাৰ অঞ্চলৰ বিভিন্ন পথেৰে আজি বিয়লি প্ৰাক্‌-গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজৰ আয়োজন কৰিছে। কুচকাৱাজৰ এই সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি ঘটোৱা হৈছে। সেই অনুসৰি লতাশিল খেলপথাৰৰ পৰা কুচকাৱাজ আৰম্ভ হোৱাৰ পাছত এম জি পথেৰে ভৰলুমুখৰ পৰা অহা সকলো বাহনে তাৰকাগৃহ পইণ্ট অভিমুখে যাব লাগিব। কুচকাৱাজে তৈয়বুল্লা পথ অতিক্ৰম কৰাৰ পাছত এই বাধা নাথাকিব। কুচকাৱাজ জিলা পুঁথিভঁৰাল অভিমুখে অগ্ৰসৰ হোৱাৰ পাছত এ টি ৰোডৰ পৰা জি এন বি ৰোডেৰে পাণবজাৰলৈ অহা বাহনসমূহ এ আৰ বি পথ হৈ আৰক্ষী আয়ুক্ত পইণ্টৰ দিশে যাব পাৰিব। কে এল বি পথেৰে কুচকাৱাজ অগ্ৰসৰ হোৱাৰ সময়ত টি চি পইণ্টৰ দিশৰ পৰা জি এন বি পথেৰে অহা বাহনসমূহে জিলা পুঁথিভঁৰাল পইণ্টত দিশ সলনি কৰি ৰিজাৰ্ভ বেংকৰ দিশে যাব পাৰিব। ভৰলুমুখৰ ফালৰ পৰা অহা বাহনসমূহৰ দিশ কটন কলেজিয়েট পথত সলনি কৰি এইচ বি পথেৰে যাব পাৰিব। জিলা পুঁথিভঁৰালৰ দিশৰ পৰা অহা বাহনসমূহ এইচ বি পথেৰে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ দিশে যাব পাৰিব। আনহাতে, ৰাজভৱন-উজান বজাৰৰ পৰা অহা বাহনসমূহে তাৰকাগৃহ পইণ্টত গতিপথ সলাই লেম ৰোড হৈ আমবাৰীৰ দিশে যাব পাৰিব।