ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৩ জানুৱাৰীত গুৱাহাটীত তিনিখন নতুন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই ৰে’লগাড়ীকেইখন হৈছে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলাচল কৰিবলগীয়া নতুন জন শতাব্দী এক্সপ্ৰেছ, গুৱাহাটী আৰু নিউ বঙাইগাঁৱৰ মাজত চলাচল কৰিবলগীয়া যাত্ৰীবাহী ৰে’লগাড়ী আৰু তিনিচুকীয়া আৰু নাহৰলগুনৰ মাজত চলাচল কৰিবলগীয়া নতুন এক্সপ্ৰেছ ৰে’লগাড়ী। একেদিনাই মন্ত্ৰীগৰাকীয়ে তেতেলীয়াত নিৰ্মাণ কৰা এখন পথ অভাৰব্ৰীজো উদ্বোধন কৰিব। ইলেকট্র’নিক আৰু তথ্য প্ৰযুক্তি বিভাগৰো মন্ত্ৰী বৈষ্ণৱে সেইদিনাই ভার্চুৱেল ব্যৱস্থাৰে ৰাষ্ট্ৰীয় ইলেকট্র’নিকছ আৰু তথ্য প্ৰযুক্তি প্রতিষ্ঠানো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইয়াৰ পাছত তথ্য আৰু সম্প্ৰচাৰ বিভাগৰো মন্ত্ৰী বৈষ্ণৱে ভার্চুৱেল ব্যৱস্থাৰে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নৱনিৰ্মিত এফ এম ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মন্ত্ৰীগৰাকীয়ে দুপৰীয়াৰ ভাগত জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ উদ্যোগৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰিব। আবেলি তেওঁ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে অঞ্চলটোৰ ৰে’ল যোগাযোগ ব্যৱস্থাৰ পৰ্যালোচনা কৰিব।
Site Admin | January 1, 2025 8:55 PM | guwahati new rail 3 january
গুৱাহাটীত ৩ জানুৱাৰীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৩খন নতুন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব
