কেন্দ্রীয় বস্ত্র মন্ত্রালয়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰমন্ত্ৰী সন্মিলনত জিলা আধাৰিত বস্ত্ৰ ৰূপান্তৰ উদ্যম মুকলি কৰে। বস্ত্ৰা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, দেশৰ বস্ত্ৰ খণ্ডৰ সৰ্বাত্মক আৰু নিৰন্তৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা এই কৌশলগত উদ্যম অধীনত জিলাসমূহক চেম্পিয়ন আৰু অভিলাষী জিলা হিচাপে ভাগ কৰা হৈছে। চেম্পিয়ন জিলাসমূহে ঘাই ঘাই বাধাসমূহ দূৰ কৰাত গুৰুত্ব আৰোপ কৰিব। এই উদ্যমৰ জৰিয়তে বৃহৎ উমৈহতীয়া সুবিধা কেন্দ্ৰৰ বিকাশ সাধন, কৃত্রিম বুদ্ধিমত্তা, বিগ ডাটা আৰু ক্লাউড কম্পিউটিঙৰ দৰে অত্যাধুনিক ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি স্মাৰ্ট কাৰখানা স্থাপন আৰু ৰপ্তানী বজাৰৰ সৈতে পোনপটীয়া সম্পর্ক স্থাপন কৰা হ’ব। অভিলাষী জিলাসমূহে আন্তঃগাঁথনি নির্মাণ কৰাত আৰু কৰ্মবাহিনীক আনুষ্ঠানিক ৰূপ দিয়াৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা অনুকূল তন্ত্ৰ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিব। মন্ত্ৰ্যালয়ে ১০০ খন উচ্চ সম্ভাৱনাময় জিলাক গোলকীয় ৰপ্তানি চেম্পিয়নলৈ আৰু ১০০ খন অভিলাষী জিলাক আত্মনিৰ্ভৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই অঞ্চলসমূহৰ জনজাতীয় বসতিপ্রধান এলেকাসমূহৰ উন্নয়ন, যোগাযোগ ব্যৱস্থাৰ উন্নয়ন আৰু ভৌগোলিক সূচাংক অর্থাৎ জি আই টেগিঙৰ বাবে অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে যাতে ইয়াৰ অনন্য সাংস্কৃতিক হস্তশিল্পক আগশাৰীৰ গোলকীয় বজাৰলৈ সৈতে পৰিচয় কৰি দিব পৰা যায় ৷
Site Admin | January 9, 2026 12:46 PM | guwahati minister meeting
গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰমন্ত্ৰী সন্মিলনত জিলা আধাৰিত বস্ত্ৰ ৰূপান্তৰ উদ্যম মুকলি