গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ আই চি ইউ বেডৰ পৰা পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত চিকিৎসকসহ ৭ জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এই ঘটনা সন্দৰ্ভত হাস্পতালখনৰ শিশু চিকিৎসা বিভাগৰ মুৰববী ডাঃ অনুপমা ডেকা, সহযোগী অধ্যাপক ডাঃ দীপাংকৰ হাজৰিকাক নিলম্বনৰ লগতে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। একেদৰে ষ্টাফ নাৰ্ছ চন্দনা নাথ, পল্পী দেৱী আৰু আই চি ইউ টেকনিচিয়ান ঈশাশজ্যোতি তালুকদাৰকো নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে। এই তদন্ত প্রতিবেদনত অৱশ্যে ঘটনাৰ পাছতইে গ্ৰেপ্তাৰ কৰা নাৰ্ছ ভানুপ্ৰিয়াৰ নাম উল্লেখ কৰা হোৱা নাই। অনুৰূপধৰণে কৰ্তব্যৰ গাফিলতিৰ অভিযোগত স্নাতকোত্তৰ শ্ৰেণীৰ দুগৰাকী শিক্ষার্থী ডাঃ ঋষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজাক চিকিৎসা মহাবিদ্যালয়খনৰ পৰা ছমাহৰ বাবে বহিস্কাৰ কৰা হৈছে বুলি ডাঃ চৌধুৰীয়ে জানিবলৈ দিয়ে।
ইপিনে নৱজাতকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অচ্যুৎ বৈশ্য আৰু অতিৰিক্ত অধীক্ষক ডাঃ প্রদীপ কুমাৰ দাসলৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্য চৰকাৰৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে প্ৰেৰণ কৰা এই পত্রযোগে ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সতৰ্ক হৈ থাকিবলৈ হাস্পতাল কৰ্তৃপক্ষক নির্দেশ দিয়া হৈছে। তদুপৰি সুৰক্ষা সম্পৰ্কীয় নীতি আৰু কাৰ্যবিধি কঠোৰভাৱে মানি চলিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।