September 24, 2025 9:27 PM | zubeen ghy court

printer

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি এজন অধিবক্তাই দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গ্রহণ

জুবিন গাৰ্গৰ ছিংগাপুৰত অস্বাভাৱিকভাৱে মৃত্যু হোৱা ঘটনাৰ তদন্ত বিচাৰি এজন অধিবক্তাই দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি গ্রহণ কৰিছে। অহা ৮ নৱেম্বৰত এই আবেদনখনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। অৱশ্যে কোনো ব্যক্তিগত স্বার্থত যদি এই আবেদনখন দাখিল কৰা হৈছে তেনেহ’লে আবেদনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আদালতে সকীয়াই দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।