ডাউনলোড
মোবাইল এপ

android apple
signal

নেডাৰলেণ্ডছৰ প্ৰতিষ্ঠানক গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নলা-নৰ্দমাৰ কামৰ দায়িত্ব

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে ৰাজ্য চৰকাৰে নেডাৰলেণ্ডছৰ এটা প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ কৰিব। বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজনিত আবেদনৰ শুনানিৰ সময়ত মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই আদালতক এই কথা জানিবলৈ দিয়ে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এই সন্দৰ্ভত যোৱামাহত নিবিদা আহ্বান কৰাৰ পৰৱৰ্তী সময়ত নেডাৰলেণ্ডছৰ প্ৰতিষ্ঠানটো এই কামৰ বাবে অৰ্হতাসম্পন্ন হিচাপে বিবেচিত হোৱা বুলি তেওঁ উল্লেখ কৰে। বিদেশী প্রতিষ্ঠানটোৰ সৈতে অহা ২১ আগষ্টত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব বুলিও মহাধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত কালি আদালতত এখন শপতনামাও দাখিল কৰে। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ কৃত্রিম বান সমস্যা আৰু অবৈধ পাহাৰ খনন সন্দৰ্ভত এটা বেচৰকাৰী প্ৰতিষ্ঠানে উচ্চ ন্যায়ালয়ত এই আবেদন দাখিল কৰিছিল। আদালতে যোৱা ৭ আগষ্টত আবেদনখনৰ শুনানি গ্ৰহণ কৰি মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা তথা ব্যৱস্থা সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল।

অধিক পঢ়ক

সকলো চাওক