গুৱাহাটী উচ্চ ন্যায়ালয়ে মহানগৰীখনৰ চাৰিখন গাঁৱত উচ্ছেদ চলোৱাৰ ক্ষেত্ৰত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি কৰিছে। জালুকবাৰী বন সংমণ্ডলৰ অধীনৰ চাৰিখন গাঁও তালাপানী, গাঁওবস্তি, বৰাগাঁও আৰু কটাহবাৰীৰ বাবে এই আদেশ প্রযোজ্য হ’ব। উল্লেখযোগ্য যে অঞ্চলটোত বসবাস কৰা লোকসকলে এই উচ্ছেদৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ত চাৰিখন আবেদন দাখিল কৰিছিল। এই আবেদনৰ কালি দ্বিতীয়টো শুনানি গ্রহণ কৰি ন্যায়ালয়ে এই আদেশ দিয়ে। ন্যায়ালয়ে লগতে উচ্ছেদ কৰিবলগীয়া ভূমি বনভূমি নে ৰাজহ ভূমি সেই সন্দৰ্ভত চৰকাৰে স্পষ্ট কৰিব পৰা নাই বুলিও উল্লেখ কৰে। এই বিষয়ে ৰাজ্য চৰকাৰে শপতনামাত সম্পূৰ্ণ তথ্য উল্লেখ কৰা নাই বুলিও ন্যায়ালয়ে কয়। অহা ১৯ আগষ্টত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।
Site Admin | August 12, 2025 11:31 AM | guwahati eviction high court stay
গুৱাহাটী মহানগৰীৰ চাৰিটা স্থানত উচ্ছেদ চলোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ