গুৱাহাটীৰ বৰাগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত কৃষ্ণ বৰ্মন নামৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে বৰাগাওঁত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কৃষ্ণ বৰ্মন নামৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্ত কৃষ্ণ বর্মনক ধুবুৰীৰ গোলকগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰে। বৰাগাঁৱৰ ঘটনাটোৰ সৈতে জড়িত থকা তথ্য প্ৰমাণৰ আধাৰত আৰক্ষীয়ে কালি ৮জনক গ্ৰেপ্তাৰ কৰিছিল। ইয়াকে লৈ এতিয়ালৈ ঘটনাৰ সৈতে জড়িত মুঠ ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।