গুৱাহাটীৰ আমিনগাঁৱত আজিৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। ১৭ বছৰৰ পাছত দেশত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত চীন, জাপান, ছিংগাপুৰ, ফিলিপিন্স, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফ্রান্স, নেডাৰলেণ্ডছ, অষ্ট্ৰেলিয়া, কানাডা আৰু ডেনমার্ককে ধৰি ৪৩ খন দেশৰ ৪৫২ গৰাকী খেলুৱৈয়ে অংশ ল’ব। প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে ৯ খন বেডমিণ্টন ক’ৰ্ট সাজু কৰি তোলা হৈছে। ভাৰত আজি প্ৰতিযোগিতাৰ প্ৰথমখন খেলত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। অহা ১৯ অক্টোবৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব
Site Admin | October 6, 2025 1:02 PM | guwahati badminton
গুৱাহাটীৰ আমিনগাঁৱত আজিৰ পৰা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ