September 6, 2025 9:29 PM | guwahati arrest

printer

গুৱাহাটীৰ হেঙেৰাবাৰীৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ এগৰাকী কৰ্মচাৰীক উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ

তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে আজি গুৱাহাটীৰ হেঙেৰাবাৰীৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ এগৰাকী কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে। কৰ্মচাৰীজন সঞ্চালকালয়ৰ জ্যেষ্ঠ সহায়ক নৱজ্যোতি ডেকা বুলি প্ৰকাশ কৰা হৈছে। বকেয়া দৰমহাৰ বিল মোকলাই দিয়াৰ নামত ডেকাই এজন লোকৰ পৰা ১০ হাজাৰ টকা দাবী কৰিছিল। এই দাবী কৰা ধন উৎকোচ হিচাপে লওতে পূৰ্বৰে পৰা খাপ্ পিটি থকা দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ৰ দলে তেওঁক গ্ৰেপ্তাৰ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।