June 7, 2025 7:48 PM | Guwahati

printer

কাইলৈৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা পুনৰ আৰম্ভ

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা কাইলৈৰ পৰা পুনৰ আৰম্ভ হব। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ তললৈ নামি অহাৰ পৰিপ্ৰেক্ষিতত অভ্যন্তৰীণ জল পৰিবহন বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে জলপৃষ্ঠ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে বিগত ৫ দিন গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ৰাখিছিল ৷