ডাউনলোড
মোবাইল এপ

android apple
signal

May 29, 2025 12:45 PM | weather guwahati

printer

মহানগৰীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত

গুৱাহাটী মহানগৰীত যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈছে। আজি পুৱাৰ ভাগত মহানগৰীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা কৃত্রিম বানৰ ফলত কৰ্মক্ষেত্ৰলৈ যাত্ৰা কৰা লোকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল বাৰুকৈ অসুবিধাৰ সন্মুখীন হয়। বিদ্যালয় অভিমুখী ছাত্র-ছাত্রীসকল বহুসময় ধৰি পথত আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মহানগৰীৰ জটিয়া, কাহিলিপাৰা, হাতীগাঁও, বশিষ্ঠ, ছার্ভে, কক্মিনীগাঁও, অনিল নগৰ, বামুণীমৈদাম, চানমাৰি, বড়িপাৰাৰ উপৰি খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী ৰাষ্ট্ৰীয় ঘাইপথৰ বহু অংশত পানী জমা হোৱাৰ ফলত সমস্যাৰ সৃষ্টি হয়। কেইবাটাও অঞ্চলত বহু যান-বাহনৰ যান্ত্ৰিক বিজুতিৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশ অঞ্চল আৰু ছিকিমত বৰষুণৰ সম্ভাৱনালৈ চাই আজি আৰু কাইলৈৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ বাবে বেড এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে পৰৱৰ্তী দুই-তিনি দিনত ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ প্ৰান্তত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বিভাগটোৰ বতৰা অনুসৰি ওড়িশাৰ উপকূল ভাগৰ সমীপৰ উত্তৰ- পশ্চিম বংগোপসাগৰত নিম্ন চাপৰ সৃষ্টি হৈছে। পৰৱৰ্তী ২৪ ঘণ্টাত এই নিম্ন চাপ গভীৰ নিম্ন চাপলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱত কাছাৰ, হাইলাকান্দি, শ্রীভূমি, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ, চিৰাং, বজালী, বাক্সা, কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, শোণিতপুৰ, ডিমা হাচাও, তামুলপুৰ আৰু নলবাৰীত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে সকীয়াই দিছে।

অধিক পঢ়ক

সকলো চাওক