গুৱাহাটীস্থিত অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত আজি ন্যাসে নতুনকৈ প্ৰকাশ কৰি উলিওৱা ৫২ খন গ্রন্থ উন্মোচন কৰা হ’ব। ইয়াৰ লগতে ন্যাসে অসম ভিত্তিক আয়োজন কৰা পাণ্ডুলিপি প্রতিযোগিতাত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগিসকলক এই সভাতে পুৰস্কাৰসমূহ প্ৰদান কৰা হ’ব। অনুষ্ঠানত শিক্ষা মন্ত্রী তথা ন্যাসৰ সভাপতি ডাঃ ৰণোজ পেণ্ড মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ন্যাসৰ উপ-সভাপতি তথা সু-সাহিত্যিক অৰূপ কুমাৰ দত্ত এই অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বুলি অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামীয়ে জানিবলৈ দিয়ে।
Site Admin | December 6, 2025 11:52 AM | Guwahati
অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত আজি নতুনকৈ প্ৰকাশ কৰি উলিওৱা ৫২ খন গ্রন্থ উন্মোচন