ডাউনলোড
মোবাইল এপ

android apple
signal

January 8, 2025 1:19 PM | guntsov

printer

শিৱসাগৱৰত গুণোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰীৰ

শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জিলাখনত গুণোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত গুণোৎসৱৰ আজি তৃতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি শিৱসাগৰ নগৰৰ ২ নম্বৰ টাউন প্রাইমেৰী বালিকা বিদ্যালয়ৰ প্ৰাতঃ সভাত মন্ত্ৰীগৰাকীয়ে ভাগ লয়। তেওঁ এই পৰিদৰ্শন কালত বিদ্যালয়খনৰ আন্তঃগাঁথনি, শৈক্ষিক পৰিৱেশ আৰু পৰিকল্পনাৰ বুজ লয়। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাখণ্ডৰ অগ্ৰগতি আশানুৰূপ বুলি মন্তব্য কৰি মাতৃভাষাৰ বিদ্যালয়সমূহৰ সমস্যাসমূহ দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেৰ লৈছে বুলি প্ৰকাশ কৰে। তেওঁ কয়, যে চাহ বাগিচা এলেকাত আধাতে শিক্ষা সামৰা শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে ১১৬ খন আদর্শ বিদ্যালয় স্থাপন কৰা হৈছে আৰু শীঘ্ৰেই আৰু ১০০ খন এনে বিদ্যালয় প্ৰতিষ্ঠা কৰা হব।

অধিক পঢ়ক

সকলো চাওক