চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন। কাৰ্যসূচীৰ দ্বিতীয় দিনা কালি ৰাজ্যৰ ৫ হাজাৰ ৩৬০ খন বিদ্যালয়ৰ ৪ লাখ ৭৪ হাজাৰৰো অধিক শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কাহিলিপাৰাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই কালি জিলাখনৰ বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বড়োবজাৰ কস্তুৰবা বালিকা বিদ্যালয় আৰু চাৰাগাঁও মজলীয়া বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ধুবুৰী জিলাৰ মাজপাৰা প্ৰাথমিক বিদ্যালয় আৰু পি এম শ্ৰী বি চি মেম’ৰিয়েল ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচী পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনতো অংশ লয়। মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ দুখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ বহিঃমূল্যায়নত অংশ লয়। একেদৰে মন্ত্ৰী নন্দিতা গাৰ্লোছাই পশ্চিম কাৰ্বি আংলং জিলাত ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়ন কৰে। মন্ত্ৰী ৰূপেশ গোৱালাই কালি গোলাঘাট জিলাত দিৰিং বাগিচা প্রাথমিক বিদ্যালয়ত ছাত্র- ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং আৰু বাক্সা জিলাৰ মূল্যায়ন কৰা হৈছে।
Site Admin | January 22, 2025 12:29 PM | gunotsav 2nd phase last day
চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন, ৫,৩৬০খন বিদ্যালয়ৰ ৪.৭৪ লাখ শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন
