গুজৰাট চৰকাৰে ৰাজ্যৰ পৌৰসভাসমূহক জৰুৰীকালীন অগ্নিনির্বাপক বাহন আৰু সজুলি ক্ৰয় কৰিবলৈ ৬৩ কোটি টকাৰ অনুদান প্ৰদান কৰিছে। ৰাজ্যত অগ্নিকাণ্ডৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ আগত জনপ্রতিনিধি আৰু স্থানীয় নেতাসকলে জনোৱা অনুৰোধৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। স্বানীর্ম জয়ন্তী মুখ্যমন্ত্ৰীৰ নগৰ উন্নযন আঁচনিৰ অধীনত এই ধনৰাশি আৱণ্টন কৰা হৈছে। এই আঁচনিৰ জৰিয়তে স্থানীয় নগৰ কৰ্তৃপক্ষসমূক যিকোনো জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হ’বলৈ শেহতীয়া অগ্নি সুৰক্ষা সঁজুলিৰে সুসজ্জিত কৰা হ’ব। গুজৰাট নগৰ উন্নয়ন নিগমে ৫৪ খন পৌৰসভালৈ প্রায় ৭১ খন অগ্নিনির্বাপক বাহন আৰু সঁজুলি ক্ৰয় কৰিবলৈ আবণ্টন দিব।
Site Admin | August 3, 2024 8:53 PM | Gujarat Government Approves Rs 63 Crore Grant for Fire Safety Equipment
গুজৰাটৰ পৌৰসভাসমূহলৈ জৰুৰীকালীন অগ্নিনির্বাপক বাহন আৰু সঁজুলি ক্ৰয়ৰ বাবে ৬৩ কোটি টকাৰ অনুদান
