ডাউনলোড
মোবাইল এপ

android apple
signal

গুজৰাট চৰকাৰৰ সীমান্ত অঞ্চলসমূহত স্বাস্থ্য সেৱা সুলভ, অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত যোগান-মূল্য নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

ভাৰত আৰু পাকিস্তানৰ মাজত বর্ধিত উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাট চৰকাৰে সীমান্ত অঞ্চলসমূহত স্বাস্থ্য সেৱা সুলভ কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান পৰ্যাপ্ত কৰা আৰু এইসমূহৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেলে কালি নিশা ৰাজ্যিক জৰুৰীকালীন সঞ্চালন কেন্দ্ৰত এখন উচ্চস্তৰীয় বৈঠকত মিলিত হৈ সীমান্ত জিলাসমূহৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। পাকিস্তানৰ সৈতে ভূমি আৰু জলসীমাৰে সংযোগ হৈ থকা গুজৰাটেই একমাত্ৰ ৰাজ্য হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই অঞ্চলটোত নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেইবালানিও পদক্ষেপ গ্ৰহণ কৰিছে। সকলোবোৰ গুৰুত্বপূৰ্ণ বন্দৰৰ লগতে সোমনাথ আৰু দ্বাৰকাধীশ মন্দিৰৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। ইয়াৰ লগতে ৰাজ্য চৰকাৰে বানচকান্থা, পাটান আৰু কচ্চ আদি সীমান্তৱৰ্তী জিলাসমূহত ডেৰশৰো অধিৰ স্বাস্থ্য বিষয়া নিয়োগ কৰিছে। সম্ভাব্য জৰুৰীকালীন ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰক্তদান শিবিৰৰ আয়োজন কৰিবলৈ ব্লাড বেংকসমূহক নির্দেশ দিয়া হৈছে। ইয়াৰ লগতে চৰকাৰে বিভিন্ন বিভাগ তথা কাৰ্যালয়ৰ কৰ্মচাৰীৰ সকলোবোৰ ছুটী বাতিল কৰিছে। কচ্চ অভিমুখী কেইবাখনো ৰে’লগাড়ীৰ যাত্ৰা বাতিল কৰা হৈছে আৰু ৰাজ্যখনত থকা ৭টা বিমানবন্দৰ অহা ১৫ মে পর্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক