ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪গৰাকী গৱেষকৰ উদ্ভিদৰ পৰা চিকিৎসাত ব্যৱহৃত সামগ্ৰী প্ৰস্তুত কৰি ভাৰতীয় পেটেণ্ট কাৰ্যালয়ৰ পৰা অনুমোদন লাভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিগৰাকী গৱেষকে মেদ বহুলতা আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন জটিলতাৰ সমাধানৰ বাবে বিভিন্ন উদ্ভিদৰ পৰা চিকিৎসাত ব্যৱহৃত সামগ্ৰী প্ৰস্তুত কৰি ভাৰতীয় পেটেণ্ট কাৰ্যালয়ৰ পৰা অনুমোদন লাভ কৰিছে। গবেষক ড° মানস দাস, প্রীতিমণি দাস, ড° প্ৰাঞ্জন বৰ্মন আৰু ড° নৱ কুমাৰ হাজৰিকাই এই পেটেণ্টৰ অনুমোদন লাভ কৰে। এই গৱেষকসকলে ফিলানথাছ ইউৰিনেৰিয়া আৰু আধাতোডা ভেছিকা নামৰ উদ্ভিদ প্রজাতিৰ লগত পানী মিহলাই ইথানল মিশ্ৰণ ব্যৱহাৰ কৰি এবিধ চিকিৎসাত ব্যৱহৃত দ্রব্য প্রস্তুত কৰিছিল। নিগনিৰ ওপৰত এই দ্রব্য ব্যৱহাৰ কৰি আশাব্যঞ্জক ফলাফল লাভ কৰা হৈছে। এই দ্ৰব্যই মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে গৱেষণাকাৰী দলটোক অভিনন্দন জনাই কয়, যে এই কৃতিত্বই শৈক্ষিক গৱেষণাৰ নতুন পথ প্রশস্ত কৰিব। সকলো শিক্ষানুষ্ঠানকে এনেধৰণৰ উদ্ভাৱনক উৎসাহিত কৰিবলৈ তেওঁ আহ্বান জনায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই এই বিষয়ত কয়, যে এই পেটেণ্টে পৰম্পৰাগত জ্ঞানক ব্যৱহাৰিক স্বাস্থ্যক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।