January 19, 2026 12:25 PM | Guwahati University

printer

আজিৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীর্ষক অনুষ্ঠানৰ আয়োজন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ধ্যালয়ে আজিৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীর্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ যুৱক-যুবতীসকলক একত্ৰিত কৰা হ’ব। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্রতিযোগিতাত অবতীর্ণ হ’ব। কেন্দ্রীয় দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীয়ে আজি এই প্রতিযোগিতা উদ্বোধন কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি কে বি প্রেক্ষাগৃহত এই প্রতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগৰ ক্ষেত্ৰত উদ্যমিতাৰ বিকাশ, প্রতিযোগিতামূলক মনোভাৱ বৃদ্ধি আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে ফেৰ মাৰিব পৰাকৈ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰয়াস কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুরে সামাজিক মাধ্যম যোগে বিষয়ে প্রকাশ কৰি এই প্রতিযোগিতাই দক্ষতা বিকাশৰ জৰিয়তে যুৱ সমাজৰ সম্ভাৱনাক উন্মোচিত কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পক অধিক শক্তিশালী কৰিব বুলি মত প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।