দেশৰ নাগৰিকৰ সুবিধাৰ বাবে জিএছটি শ্রেণীসমূহৰ সংস্কাৰ সাধন কৰা হৈছেঃ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ

দেশৰ নাগৰিকসকলৰ সুবিধাৰ বাবে জিএছটি শ্রেণীসমূহৰ সংস্কাৰ সাধন কৰা হৈছে বুলি কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে মন্তব্য কৰিছে। আজি টুটিকোৰিনৰ কোভিলপট্টীত দিয়াচলাই আৰু আতচবাজী নির্মাণ সংস্থাৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে চৰকাৰে ২০৪৭ চনত বিকশিত ভাৰতৰ সপোন আৰু দৃষ্টিভংগী সন্মুখত ৰাখি কাম কৰি আছে। চৰকাৰৰ তৰফৰ পৰা আতচবাজী আৰু দিয়াচলাই নির্মাতাসকলৰ সুবিধাৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। তেওঁ কয় যে যে ২২ ছেপ্টেম্বৰৰ পৰা জনসাধাৰণে জিএছটি হ্ৰাস হোৱাৰ বাবে অতি কম খৰচত সামগ্রী ক্রয় কৰিব পাৰিব। উল্লেখযোগ্য যে ৩৭৫ টা সামগ্ৰীৰ বাবে ইতিমধ্যে জিএছটি হ্ৰাস কৰা হৈছিল যিয়ে মানুহক সমাগত উৎসৱ উদযাপনত সহায় কৰিব বুলিও বিত্ত মন্ত্ৰীগৰাকীয়ে অৱগত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।