ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 22, 2025 11:26 AM | GST reforms

printer

আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত জি এছ টিৰ সংস্কাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টিৰ সংস্কাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জি এছ টি সংস্কাৰৰ পদক্ষেপক প্ৰশংসা কৰি এই কথা প্ৰকাশ কৰে । দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে জনসাধাৰণক স্বদেশী সামগ্ৰী ব্যৱহাৰৰ বাবে আহ্বান জনোৱাৰ লগতে পৰৱৰ্তী প্ৰজন্ম‍ই জি এছ টি সংস্কাৰ কিদৰে আত্মনিৰ্ভৰতা বৃদ্ধি কৰিব সেই বিষয়েও আলোকপাত কৰে। তেওঁ লগতে কয়, যে জি এছ টি হ্ৰাসৰ পদক্ষেপে কৃষি, স্বাস্থ্য, বস্ত্ৰ আৰু মানৱ নিৰ্মিত ফাইবাৰ আদি বিভিন্ন খণ্ডত উৎপাদন বৃদ্ধি কৰিব।

দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত স্বদেশী বস্তু ব্যৱহাৰ কৰি, প্ৰতিখন ঘৰকে স্বদেশীৰ প্ৰতীক কৰি, দেশক আত্মনিৰ্ভৰ ৰূপে গঢ়ি তোলাত অৰিহণা আগবঢ়াবলৈ প্রধানমন্ত্রীয়ে জনসাধাৰণক আহ্বান জনায়।

কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে কয়, যে জি এছ টিৰ বৃহৎ সংস্কাৰৰ কাৰ্যকৰীকৰণৰ জৰিয়তে প্রধানমন্ত্রীয়ে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰে পৰা কাৰ্যকৰী হোৱা জি এছ টি সংস্কাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি সংবাদমেলত কয়, যে এই সংস্কাৰে সমগ্ৰ দেশৰ মধ্যবিত্ত শ্ৰেণী, দুখীয়া আৰু নিম্ন আয়ৰ লোকসকলক যথেষ্ট সকাহ দিয়াৰ লগতে দেশৰ ১৪০ কোটি নাগৰিকক উপকৃত কৰিব। ৰাষ্ট্ৰক সম্বোধি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণক আলোকপাত কৰি মন্ত্ৰী শ্ৰীবৈষ্ণৱে কয়, যে এই সংস্কাৰৰ ফলত পাকঘৰৰ সামগ্ৰীৰ পৰা গাড়ীলৈ, প্ৰায় ৯৯ শতাংশ দৈনিক ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য হ্ৰাস পাব। আজিৰে পৰা আৰম্ভ হোৱা জি এছ টি সঞ্চয় উৎসৱৰ বাবে মন্ত্ৰী শ্ৰীবৈষ্ণৱে দেশবাসীলৈ শুভেচ্ছা জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা আৰম্ভ হোৱা জি এছ টি সঞ্চয় উৎসৱৰ ঘোষণা কৰি কয়, যে ই দেশৰ কৰ ব্যৱস্থা সৰল, স্বচ্ছ আৰু জনসাধাৰণৰ সুবিধাজনক হোৱাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ মুকলি কৰিব। জি এছ টি সংস্কাৰে অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাত কৰৰ বোজা হ্ৰাস কৰি জনসাধাৰণক পোনপটীয়াকৈ সকাহ দিবলৈ প্রতিশ্রুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।