ডাউনলোড
মোবাইল এপ

android apple
signal

September 8, 2025 11:33 AM | GST reforms

printer

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ সন্দৰ্ভত বিজেপি সংসদীয় দলৰ এটা প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গ্ৰহণ

বিজেপি সংসদীয় দলে নতুন দিল্লীত আয়োজিত দুদিনীয়া কৰ্মশালাত কালি পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ সন্দৰ্ভত এটা প্ৰস্তাৱ সৰ্বসন্মতিক্রমে গ্ৰহণ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগমন্ত্ৰী পীযূষ গোৱেলে উত্থাপন কৰা এই প্ৰস্তাৱত বিজেপিৰ সাংসদসকলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ এই সাহসী তথা নাগৰিককেন্দ্ৰিক পদক্ষেপৰ বাবে শুভেচ্ছা জনায়। এই প্ৰস্তাৱত উল্লেখ কৰা মতে জি এছ টি সংস্কাৰে এই ব্যৱস্থাটো সৰলীকৰণ কৰি তুলিছে। ইয়াৰ ফলত খাদ্য আৰু ঔষধৰ উপৰি বৈদ্যুতিক সামগ্ৰীৰ দাম হ্ৰাস হৈছে। জি এছ টি পুনৰ সংস্কাৰে জনসাধাৰণৰ জীৱন উন্নত কৰা, ব্যৱসায়ীসকলৰ সৱলীকৰণ তথা ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ পথ শক্তিশালী কৰাৰ দিশত নৰেন্দ্ৰ মোদী চৰকাৰৰ লক্ষ্যক প্ৰতিফলিত কৰিছে বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে।

ইপিনে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে নতুন দিল্লীত অনুষ্ঠিত বিজেপিৰ সাংসদসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী ভালদৰে চলি আছে বুলি প্ৰকাশ কৰিছে। কালি প্ৰথমদিনৰ কৰ্মশালাৰ সামৰণিৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে কয়, যে অতি সংগঠিতভাৱে আৰু পেচাদাৰীভাৱে আয়োজন কৰা এই কৰ্মশালাৰ সকলো প্ৰশিক্ষণ সত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকে। এন ডি এ সমৰ্থিত আন দলসমূহৰ সাংসদসকলে আজি কৰ্মশালাত যোগদান কৰিব বুলি শ্ৰীৰিজিজুৱে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।