গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে সোমবাৰৰ পৰা প্ৰযোজ্য হ‘বলগীয়া সামগ্ৰী আৰু সেৱা কৰৰ নতুন নিৰিখলৈ চাই সংশোধিত পৰামৰ্শাৱলী জাৰি কৰিছে। এই অনুসৰি নিৰ্মাতা, পেকিং কৰা কামত নিয়োজিত লোক আৰু আমদানীকাৰিসকলে ২২ ছেপ্তেম্বৰৰ পূৰ্বে নিৰ্মাণ বা প্ৰস্তুত কৰা আৰু বিক্ৰী নোহোৱা সামগ্ৰীৰ পেকেটত সংশোধিত মূল্যৰ ষ্টিকাৰ লগাব পাৰিব। কিন্তু পেকেজত পূৰ্বতে ছপা সৰ্বাধিক খুচুৰা মূল্য স্পষ্ট হ‘ব লাগিব। মন্ত্ৰ্যালয়ে জি এছ টিৰ সংশোধিত নিৰিখ প্ৰযোজ্য হোৱাৰ পূৰ্বে পেকেজিং কৰা সামগ্ৰী অহা বছৰ মাৰ্চ পর্যন্ত অথবা মজুত ৰখা সামগ্ৰী শেষ নোহোৱালৈকে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিছে। কোম্পানীসমূহে নতুন ষ্টিকাৰ লগাই বা পেকেটৰ কোনো উপযুক্ত স্থান ছপা কৰি সৰ্বাধিক খুচুৰা মূল্যৰ শুধৰণি কৰিব পাৰিব বুলি পৰামৰ্শাৱলীত উল্লেখ কৰা হৈছে। চৰকাৰে ডিলাৰ, খুচুৰা বিক্ৰেতা আৰু গ্ৰাহক সকলক জি এছ টি নিৰিখৰ বিষয়ে অৱগত কৰোৱাৰ বাবে নির্মাতা, পেকিং কৰা কামত নিয়োজিত লোক আৰু আমদানীকাৰিসকলক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে। ইয়াৰ বাবে বৈদ্যুতিক, ছপা আৰু সামাজিক মাধ্যমকে ধৰি যোগাযোগৰ সকলো মাধ্যমৰ সহায় ল‘ব পৰা যাব। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই পদক্ষেপে ব্যৱসায়িক সূচলতা আৰু গ্ৰাহকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰয়াস মাজত সন্তুলন বৰ্তাই ৰখাত সহায় কৰিব। ইয়াৰ উপৰি উদ্যোগসমূহৰ ওপৰত যাতে বিভিন্ন নিয়ম ৰক্ষা কৰাৰ অত্যধিক বোজা নপৰে সেয়াও সুনিশ্চিত হ‘ব।
Site Admin | September 19, 2025 12:30 PM
সামগ্ৰী আৰু সেৱা কৰৰ নতুন নিৰিখলৈ চাই সংশোধিত পৰামৰ্শাৱলী জাৰি