প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ সংস্কাৰেৰে মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহক সকাহ প্ৰদান কৰা বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয় যে জি এছ টিৰ সংস্কাৰে দেশৰ মুঠ ঘৰুৱা উৎপাদনত প্ৰায় ২০ লাখ কোটি টকাৰ সংযোজন কৰিব আৰু ইয়াৰ ফলত দেশত অৰ্থব্যৱস্থা অধিক টনকিয়াল হ’ব বুলি আশা কৰা হৈছে৷ শ্রীবৈষ্ণৱে কয় যে ২০১৪ চনৰ পূৰ্বে সাধাৰণ ৰাইজ জটিল কৰৰ বোজা বহন কৰিবলগীয়া হৈছিল। বৰ্তমান কৰ ব্যৱস্থা সৰল কৰা হৈছে আৰু জি এছ টি সংস্কাৰেৰে ইয়াক সুস্থিৰ কৰি তোলা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
জি এছ টি পৰিষদে অহা ২২ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সাধাৰণ জনতা, কৃষক আৰু কৃষি, স্বাস্থ্য, শ্রমিক, উদ্যোগকে ধৰি অৰ্থনীতিক মূল খণ্ডসমূহত যুক্তিসংগত সংস্কাৰ সাধনৰ সিদ্ধান্ত লৈছে। সকলো ব্যক্তিগত জীৱন বীমা আঁচনি, স্বাস্থ্য বীমা আঁচনি তথা জ্যেষ্ঠ নাগৰিকৰ বাবে থকা আঁচনিসমূহত জি এছ টি উঠাই লোৱাৰ বাবে পৰিষদে অনুমোদন জনাইছে। তদুপৰি জীৱন দায়িনী ঔষধ, ৩৩ প্ৰকাৰৰ কৰ্কট ৰোগৰ ঔষধৰ উপৰি বিভিন্ন চিকিৎসা সামগ্ৰী এই কৰ মুক্ত কৰা হৈছে। এই সিদ্ধান্তসমূহক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আদৰণি জনাইছে। এই সিদ্ধান্তৰ ফলত দেশৰ বজাৰৰ ১৭৫ বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস পাব।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত জি এছ টি হ্রাস সম্পর্কে সমাজৰ বিভিন্ন শ্রেণীৰ লোকৰ মতামত প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।