প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামগ্ৰী আৰু সেৱা কৰ- জি এছ টিক পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ বুলি উল্লেখ কৰি কয়, যে এই ব্যৱস্থাই ভাৰতৰ অৰ্থনীতি সবল কৰাৰ লগতে মধ্যবিত্ত, যুৱ আৰু উপভোক্তাসকলক সকাহ দিব। আজি নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হ‘বলগীয়া সামগ্ৰী আৰু সেৱা কৰৰ নতুন সংস্কাৰ সন্দৰ্ভত কালি দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। শ্ৰীমোদীয়ে উল্লেখ কৰে যে নতুন জি এছ টিৰ হাৰে কেৱল কৰ ৰাহি কৰাই নহয় বৰং এয়া হৈছে জি এছ টি সঞ্চয় উৎসৱ যিয়ে দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ দাম হ্ৰাস কৰিব। এই নতুন কৰ সংস্কাৰৰ জৰিয়তে দেশে আত্মনিৰ্ভৰ ভাৰতৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে বুলি তেওঁ লগতে প্ৰকাশ কৰে।
আজিৰে পৰা প্ৰযোজ্য হ‘বলগীয়া নতুন জি এছ টিত পূৰ্বৰ ১২ আৰু ২৮ শতাংশ কৰ আঁতৰাই কেৱল ৫ আৰু ১৮ শতাংশ কৰ আৰোপ কৰা হৈছে। শ্রীমোদীয়ে কয়, যে এই সংস্কাৰৰ জৰিয়তে ৰাষ্ট্ৰৰ বিকাশৰ গাথা সলনি হ‘ব আৰু যুৱ প্ৰজন্ম, নৱ্য মধ্যবিত্ত শ্রেণী, কৃষক, মহিলা আৰু উদ্যমীসকল এই সঞ্চয় উৎসৱৰ পৰা লাভান্বিত হ‘ব। প্ৰতিখন ৰাজ্যৰে দেশৰ বিকাশৰ যাত্ৰাত সম অংশীদাৰিত্ব থাকিব বুলি তেওঁ উল্লেখ কৰে। জি এছ টিৰ নতুন সংস্কাৰ, সঞ্চয় উৎসৱ আৰু নৱৰাত্ৰি উপলক্ষে দেশবাসীক শুভেচ্ছা জনাই শ্রীমোদীয়ে কয়, যে তেওঁৰ চৰকাৰে কৰ ব্যৱস্থাক সৰলিকৃত কৰিছে। ২০১৪ চনত ক্ষমতালৈ অহাৰ পাছতে তেওঁৰ চৰকাৰে ৰাজ্য আৰু অংশীদাৰীসকলৰ সৈতে আলোচনা কৰি জি এছ টি প্ৰৱৰ্তনত অগ্ৰাধিকাৰ দিছিল বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ প্ৰচেষ্টাৰ ফলত বিভিন্ন ধৰণৰ কৰ কৰ্তন কৰা হৈছিল। তেওঁ কয়, যে অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ আৰু স্বাস্থ্য বীমাক ৫ শতাংশতকৈ কম কৰৰ আওতাত ৰখা হৈছে। বিগত ১১ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হোৱাৰ বিষয়টোত প্ৰধানমন্ত্রীয়ে সন্তুষ্টি প্রকাশ কৰে। নৱ্য মধ্যবিত্ত শ্ৰেণীটোৰ নিজস্ব আশা, আকাংক্ষা আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কৰৰ বোজা হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে চৰকাৰে নাগৰিক দেৱো ভৱঃ মন্ত্ৰৰে অগ্ৰসৰ হৈছে। দেশৰ নিৰ্মাণ খণ্ডক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক উন্নতমানৰ সামগ্ৰী প্ৰস্তুত কৰি দেশক গৌৰৱান্বিত কৰিবলৈ তেওঁ আহ্বান জনায়।