প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২২ ছেপ্টেম্বৰত ঘোষণা কৰা জি এছ টি সঞ্চয় উৎসৱে সমাজৰ সকলো শ্ৰেণীৰ লোকক উপকৃত কৰিছে। নতুন জি এছ টিৰ সংস্কাৰে অসমৰ বিভিন্ন খণ্ডক কিদৰে সকাহ দিছে সেই সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বিশেষ প্রতিবেদন–
নতুন জি এছ টিৰ সংস্কাৰে অসমৰ বয়ন শিল্পী, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক বৃহৎ সকাহ দিছে। সংশোধিত ৰেহাইৰ জৰিয়তে ৰাজ্যখনৰ কেতবোৰ আঞ্চলিক আৰু পাৰম্পৰিক সামগ্ৰীৰ কৰ হ্ৰাস হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে বিশেষকৈ অসমৰ চাহ উদ্যোগক উপকৃত কৰিছে৷ এই খণ্ডত কেৱল ৫ শতাংশ জি এছ টি আৰোপ কৰা হৈছে। একেদৰে ১২ লাখৰো অধিক বয়ন শিল্পী জড়িত হৈ থকা অসমৰ হস্তশিল্প আৰু কাৰ্কিৰ খণ্ডত জি এছ টিৰ বোজা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে ৷ তদুপৰি বোকা চাউল আৰু তেজপুৰৰ লিচুৰ দৰে কৃষিজাত সামগ্ৰীত জি এছ টি হ্ৰাস কৰা হৈছে। পর্যটন খণ্ডত জি এছ টি সংস্কাৰ অৰ্থাৎ প্ৰতিনিশা ৭ হাজাৰ ৫০০ টকাৰ হোটেলৰ কোঠাৰ নিৰিখত জি এছ টি ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাত সহায়ক হ’ব বুলি আশা কৰা হৈছে।