ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 3, 2025 12:18 PM | GST

printer

জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণী লাভান্বিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জি এছ টি সঞ্চয় উৎসৱ যোৱা ২২ ছেপ্তেম্বৰৰ পৰা প্ৰযোজ্য হৈছে আৰু ইয়াৰ পৰা সমাজৰ সকলো শ্ৰেণী লাভান্বিত হৈছে। পৰৱৰ্তী প্রজন্ম জি এছ টি সংস্কাৰসমূহ দেশৰ পৰোক্ষ কৰ ব্যৱস্থাৰ সৰলীকৰণৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হৈছে। এই সংস্কাৰ ব্যৱস্থাই বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰি নাগৰিকসকলক সকাহ প্ৰদান কৰিছে।

ছাত্র-ছাত্রীসকলক এনে সংস্কাৰৰ অধীনত বহী, পেঞ্চিল আদিত ১২ শতাংশ ৰেহাই দিয়া হৈছে। একেদৰে ৰবৰৰ ক্ষেত্ৰত এতিয়াৰে পৰা কোনো ধৰণৰ জি এছ টি নাথাকিব। জ্যামিতিৰ বাকচ, ৰঙৰ বাকচ আৰু পেঞ্চিল বাকচত পূৰ্বৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। এই খণ্ডত কৰ কৰ্তনে ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক চাপ লাঘৱ কৰাৰ লগতে বজাৰত এই সামগ্ৰীসমূহৰ খুচুৰা বিক্ৰী বৃদ্ধি কৰিব।