সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ নতুন নিৰিখিসমূহ সোমবাৰৰ পৰা প্ৰযোজ্য হ‘ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ স্বাধীনতা দিৱসৰ ভাষণত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছিল। সামগ্ৰী আৰু সেৱা কৰ পৰিষদে প্রধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰি অলপতে কৰ পৰিকাঠামো সৰল কৰি তোলাৰ লগতে জনসাধাৰণৰ বিত্তিয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে ভালেমান উদ্যম গ্ৰহণ কৰিছে। এনে উদ্যমৰ অংশ হিচাপে দুচকীয়া বাহন আৰু সৰু গাড়ীৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰা হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে ৩৫০ চিচি পর্যন্ত ইঞ্জিন বিশিষ্ট দুচকীয়া বাহনৰ ক্ষেত্ৰত জি এছ টিৰ হাৰ ২৮ৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিছে। এই সিদ্ধান্তই নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰিয়াল, যুৱ বৃত্তিধাৰী লোক আৰু প্ৰকল্প আধাৰিত হ্রস্বকালীন কামত নিয়োজিত লোকসকলক সকাহ প্ৰদান কৰিব। সৰু গাড়ীৰ ওপৰত আৰোপিত জি এছ টিও পূৰ্বৰ ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত মটৰগাড়ীসমূহ মধ্যবিত্ত শ্ৰেণীৰ বাবে অধিক বহনক্ষম হৈ উঠিব আৰু যানবাহন খণ্ডও শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। জি এছ টি হ্ৰাস পোৱাৰ ফলত নিৰ্মাণ খণ্ড, ক্রয়-বিক্রয় সেৱা আৰু বিত্তিয় খণ্ডৰ কৰ্মসংস্থাপনৰ সুবিধাৰ সৃষ্টি হ‘ব আৰু দেশৰ বিকাশ ত্বৰান্বিত হ‘ব।
Site Admin | September 19, 2025 12:32 PM | GST
সোমবাৰৰ পৰা সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ নতুন নিৰিখসমূহ প্ৰযোজ্য
