ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 12, 2025 1:00 PM | GST

printer

দিপাৱলীৰ ভিতৰত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা প্রধানমন্ত্ৰীৰ

স্বাধীনতা দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক লাল কিল্লাত প্ৰাচীৰৰ পৰা পোহৰৰ উৎসৱ দিপাৱলীৰ ভিতৰত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছে। তেওঁৰ এই দৃষ্টিভংগী বাস্তবায়িত কৰি ৩ ছেপ্তেম্বৰত জি এছ টি পৰিষদে জনসাধাৰণৰ জীৱন সুগম কৰি তোলাৰ উদ্দেশ্যে ভালেমান খণ্ডত আৰোপিত কৰ হ্ৰাস কৰিছিল আৰু একাংশ খণ্ডৰ কৰৰ বিলুপ্তি সাধন কৰিছিল।

পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত চৰকাৰে ভালেমান অত্যাৱশ্যকীয় সামগ্ৰী কৰ শূন্য কৰি সাধাৰণ মানুহৰ বোজা লাঘৱৰ বাবে বৃহৎ পদক্ষেপ লৈছে। গাখীৰ, পেকেটত থকা খাদ্য-সামগ্রী, ব্ৰেণ্ড বিহনী চাউল, ঘেঁহু, দাইলকে ধৰি ভালেমান খাদ্য সামগ্ৰীক বৰ্তমান জি এছ টিৰ আওতাৰ বাহিৰত ৰখা হৈছে। একেদৰে সকলো ধৰণৰ ব্ৰেডক কৰ শূন্য কৰা হৈছে। চৰকাৰে লগতে ৩৩ বিধ জীৱনৰক্ষী ঔষধৰ ওপৰত আৰোপিত কৰ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে আৰু ইয়াৰ ফলত স্বাস্থ্যখণ্ড অধিক শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। শিক্ষাৰ্থীসকলৰ বোজা লাঘব কৰাৰ উদ্দেশ্যে সম্প্ৰতি তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন ষ্টেচনাৰী সামগ্ৰীক কৰ আওটাৰ বাহিৰত ৰখা হৈছে। একেদৰে বস্ত্ৰখণ্ডত কেইবাবিধো সূতাক কৰৰ পৰা ৰেহাই দিয়া হৈছে ।