বিজেপিয়ে সামগ্ৰী আৰু সেৱা কৰৰ ক্ষেত্ৰখনত অনা সংস্কাৰৰ প্ৰশংসা কৰি কয়, যে এই নতুন কৰ ব্যৱস্থাই সমাজৰ প্ৰতিটো স্তৰৰ লোকক সকাহ প্ৰদান কৰিব। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি বিজেপি দলৰ মুখপাত্র সম্বিত পাত্রই কয়, যে সামগ্রী আৰু সেৱা কৰ হ্ৰাসৰ পাছত দেশত বৰ্তমান আনন্দৰ পৰিবেশে বিৰাজ কৰিছে। এই নতুন ব্যৱস্থাই খেতিয়কসকলকো যথেষ্ট উপকৃত কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে সামগ্ৰী আৰু সেৱা কৰৰ নতুন ব্যৱস্থাই ঔষধজাত সামগ্রী, খাদ্যসামগ্রী, বস্ত্ৰ আৰু জোতা-চেণ্ডেলকে সামৰি প্ৰতিদিনে ব্যৱহাৰ হৈ থকা প্ৰায় প্ৰতিটো সামগ্ৰীৰ ওপৰত থকা কৰ হ্ৰাস কৰাৰ লগে লগে গ্ৰাহকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি জানিবলৈ দিয়ে। নতুন দিল্লীত সাংবাদিকৰ সৈতে কথা-বতৰাত শ্রীগোৱেলে কয়, যে ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলীৰ পূৰ্বে ভাৰতৰ নাগৰিকৰ বাবে সামগ্ৰী আৰু সেৱা কৰৰ বিশেষ উপহাৰ আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰিছিল। তেওঁ লগতে কয়, যে এই নতুন প্ৰণালীয়ে বাণিজ্য কৰিবলৈ বিচৰা লোকসকলক যথেষ্ট সহায় কৰিব। এই নতুন ব্যৱস্থাই প্ৰতিটো সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ ওপৰতো যথেষ্ট অৰিহনা যোগাব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
সামগ্ৰী আৰু সেৱা কৰৰ বাস্তৱায়িতভাৱে কৰা কৰ হ্ৰাসৰ বাবে দেশৰ বিভিন্ন বাণিজ্য আৰু উদ্যোগ সংস্থাসমূহে নতুন ব্যৱস্থাক আদৰণি জনাইছে। ইণ্ডিয়ান মার্চেন্ট চেম্বাৰ্ছৰ পৰোক্ষ কৰ কমিটীৰ অধ্যক্ষ শ্রীঅৰবিন্দ ভাঞ্চালিয়ে কয়, যে পূৰ্বৰ সামগ্ৰী আৰু সেৱা কৰৰ চাৰিটা হাৰৰ বিপৰীতে বৰ্তমান দুটা হাৰলৈ সৰলীকৃত কৰা হৈছে আৰু এই নতুন কৰ ব্যৱস্থাই বৰ্তমানৰ বহু সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস কৰি পূৰ্বৰ তুলনাত গ্ৰাহকক অধিক আকৰ্ষণ কৰিবলৈ সমৰ্থ হ’ব।
মিজোৰামৰ ৰাজনৈতিক আৰু বিত্তীয় বিশেষজ্ঞ লালহুনলিয়ানা ৰাল্টেই চৰকাৰৰ বৰ্তমানৰ সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাক আদৰণি জনাইছে। ৰাল্টেই কয়, যে সামগ্ৰী আৰু সেৱা কৰৰ নতুন সৰলীকৃত ব্যৱস্থাই ৰাজহৰ ওপৰত ঋণাত্মক প্ৰভাৱ নেপেলোৱাকৈ গ্ৰাহকসকলক অধিক আকৰ্ষণ কৰিবলৈ সমৰ্থ হ’ব।