ডাউনলোড
মোবাইল এপ

android apple
signal

September 4, 2025 8:17 PM | GST CM

printer

জি এছ টি সংস্কাৰৰ সিদ্ধান্তৰ প্ৰতি মুখ্যমন্ত্রীৰ আদৰণি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰী আৰু সেৱাকৰ, জি এছ টি পৰিষদে জি এছ টি সংস্কাৰৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তৰ জৰিয়তে স্বাস্থ্য বীমাৰ পৰা জীৱনদায়িনী ঔষধকে ধৰি বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপিত জি এছ টি শূন্য কৰি দিয়া হৈছে বুলি আজি মন্তব্য কৰে। জি এছ টিৰ সংস্কাৰেৰে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপিত জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি মুখ্যমন্ত্রী ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয়, যে মধ্যবিত্তই ব্যৱহাৰ কৰা চাৰিচকীয়া গাড়ী আৰু দুচকীয়া বাহনৰ ওপৰত আৰোপিত জি এছ টিও ২৮ৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। শাৰদীয় দুর্গাপূজাৰ প্ৰাক্-মুহূৰ্তত এয়া অসমবাসীৰ বাবেও সুন্দৰ উপহাৰ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে বিশ্বৰ আন দেশৰ তুলনাত আটাইতকৈ কম সময়ৰ ভিতৰত জি এছ টি সংস্কাৰ সফলভাৱে কাৰ্য্যকৰী কৰাৰ লগতে প্ৰয়োজন অনুসৰি ইয়াৰ সংশোধন আৰু সংস্কাৰ কৰাৰ সামৰ্থ্য মোদী চৰকাৰৰ দৃঢ় তথা সুপৰিকল্পিত শাসনশৈলীৰ উজ্জ্বল নিদর্শন।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।