ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 9, 2024 8:33 PM | GST

printer

সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৪ সংখ্যক বৈঠক নতুন দিল্লীত অনুষ্ঠিত

সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৪ সংখ্যক বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে অধ্যক্ষতা কৰা এই বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী আৰু বিভিন্ন ৰাজ্যৰ বিত্তমন্ত্ৰীসকলে অংশগ্ৰহণ কৰে। পৰিষদে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একেদৰে নিমখীয়া আৰু একাংশ খাদ্য সামগ্ৰীৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১৮ ৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে। সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৪ সংখ্যক বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এই বিষয়ে প্ৰকাশ কৰে।